Download App

আমাৰ উৎসাহী ব্যক্তি বিচাৰিছো যিয়ে আমাৰ সৈতে কাম কৰি আকৰ্ষণীয় সামগ্ৰী তৈয়াৰ কৰিব। এইদৰে আপুনি আমাৰ যাত্ৰাৰ অংশ হ’ব পাৰে:

কন্ঠদাতাসকলৰ বাবে

আপুনি যদি মিঠা কন্ঠৰ অধিকাৰী হয়, আপোনাৰ নাটকীয় বৰ্ণন, পাঠ, আবৃত্তি আৰু শুদ্ধ উচ্চাৰণৰ দক্ষতা থাকে, তেন্তে আপুনি আমাৰ কাৰিকাৰী ব্যক্তিসংঘৰ অন্তৰ্ভুক্ত হ’ব পাৰে । আপুনি উৎপাদন কৰিব পাৰে -

  • ই-গ্ৰন্থ
  • শ্ৰৱ্য গ্ৰন্থ
  • গ্ৰন্থৰ সাৰাংশ
  • বিশিষ্ট লেখকৰ সৈতে সাক্ষাৎকাৰ

ই-গ্ৰন্থ আৰু শ্ৰৱ্য গ্ৰন্থ সৃষ্টি কৰিবলৈ মূল অথবা কপিৰাইট উকলা গ্ৰন্থক অগ্ৰাধিকাৰ দিয়া হৈছে।

লেখকসকলৰ বাবে

আপোনাৰ প্ৰকাশিত নিজস্ব গ্ৰন্থ, প্ৰবন্ধ, বা আলোচনী থাকিলে আৰু আপুনি তাৰ স্বত্বাধিকাৰী হ’লে, আপুনি সেইবোৰ আমাক দিব পাৰে। পাঠক আৰু গ্ৰাহকসকলৰ স্বাৰ্থত, আমি আপোনাৰ অৱদান কৃতজ্ঞতাৰে উল্লেখ কৰিম আৰু সম্ভৱক্ষেত্ৰত যথাসাধ্য মাননী আগবঢ়াম ।

পাঠক আৰু শ্রোতাসকলৰ বাবে

আপোনাৰ ই-গ্ৰন্থ বা শ্ৰৱ্য গ্ৰন্থ উপভোগ কৰাত কোনো অসুবিধা হলে, অনুগ্ৰহ কৰি আমাক জনাব। আমি আপোনাৰ অভিজ্ঞতা মূল্যবান আৰু গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিম।

প্ৰচাৰ আৰু মিডিয়া অংশীদাৰসকলৰ বাবে

আপোনাৰ যদি বৰ্ণনা, কণ্ঠ, আৰু নাটকীয় দক্ষতা থাকে, তেন্তে ই-গ্ৰন্থ আৰু শ্ৰৱ্য গ্ৰন্থৰ বাবে বলিষ্ঠ প্ৰচাৰ কৰিবলৈ আমাৰ লগত যোগদান কৰক।

আহক, আমি একেলগে মনোৰঞ্জন, শিক্ষাৰ প্ৰসাৰ আৰু অনুপ্ৰেৰণা যোগাওঁ!

adadasd